আম আদমী বীমা যোজনা

  • শেহতীয়া উন্নীতকৰণ: June 12, 2024
  • মুকলিৰ তাৰিখ : অনুপলব্ধ

আম আদমী বীমা যোজনা হৈছে ভাৰতীয় জীৱন বীমা নিগমৰ জৰিয়তে পৰিচালিত ভাৰত চৰকাৰৰ সামাজিক সুৰক্ষা আঁচনি যিয়ে 48 জন চিনাক্ত বৃত্তিমূলক/বৃত্তিগত গোটসমূহ/ গ্ৰাম্য ভূমিহীন পৰিয়াল/অসংগঠিত শ্ৰমিকক মৃত্যু আৰু অক্ষমতাৰ সুবিধা প্ৰদান কৰে। ই হৈছে কেন্দ্ৰীয় মন্ত্ৰালয়/বিভাগ, ৰাজ্য চৰকাৰ/কেন্দ্ৰীয় শাসিত অঞ্চল বা আন যিকোনো প্ৰতিষ্ঠানিক ব্যৱস্থা পঞ্জীভুক্ত বে চৰকাৰী সংগঠনৰ দৰে নোডেল এজেন্সিৰ জৰিয়তে ৰূপায়ণ কৰা এক গ্ৰুপ বীমা আঁচনি।

আঁচনিখনৰ সবিশেষ

আম আদমী বীমা যোজনাৰ বাবে যোগ্যতাৰ মাপকাঠী:
  1. প্ৰাৰ্থী ১৮ বছৰৰ পৰা ৫৯ বছৰৰ ভিতৰত হব লাগিব।
  2. সদস্যজন সাধাৰণতে পৰিয়ালৰ মুৰব্বী হোৱা উচিত বা দৰিদ্ৰ সীমা ৰেখাৰ এজনীয়া উপাৰ্জনকাৰী সদ্যস থকা পৰিয়াল বা নগন্যভাৱে দৰিদ্ৰ সীমা ৰেখাৰ ওচৰৰ চিহ্নিত বৃত্তিগত গ্ৰুপ/ গ্ৰাম্য ভূমিহীন পৰিয়াল হব লাগিব।
প্ৰয়োজনীয় নথিসমূহ:
  1. ৰেচন কাৰ্ড
  2. জন্মৰ পঞ্জীকৰণৰ কপি
  3. স্কুল প্ৰমাণপত্ৰৰ কপি
  4. ভোটাৰ তালিকা
  5. চৰকাৰী বিভাগ বা প্ৰতিষ্ঠিত বিষয়াই দিয়া প্ৰমাণপত্ৰ।
  6. অনন্য চিনাক্তকৰণ কাৰ্ড(আধাৰ কাৰ্ড)
কিস্তি:

এই আচনীৰ অধীনত প্ৰথম কিস্তি প্ৰত্যেকজন সদস্যই বছৰি ২০০(দুশ)টকাকৈ মুঠতে ৩০,০০০ টকা ,তাৰ ভিতৰত ৫০% শতাংশ সামাজিক নিৰাপত্তা জমাৰ পৰা সহায়ক হিচাপে পাব। গাওঁৰ ভূমীহিন পৰিয়ালৰ ক্ষেত্ৰ্ত বাকী ৫০% শতাংশ কিস্তি ৰাজ্য চৰকাৰ/ কেন্দ্ৰীয় শাসিত অঞ্চলে বহন কৰিব ,আৰু আন ব্যৱসায়ীক শ্ৰেণীৰ ক্ষেত্ৰত বাকী ৫০% শতাংশ নোডাল এজেঞ্চী আৰু/অথবা সদস্য আৰু/অথবা ৰাজ্য চৰকাৰ/অথবা কেন্দ্ৰীয় শাসিত অঞ্চলে বহন কৰিব|

সুবিধাসমূহ:
স্বাভাৱিক মৃত্যু ৩০০০০/- টকাৰ বাবে বীমাৰ কভাৰ
দূৰ্ঘটনাত মৃত্যু হলে ৭৫০০০/- হেজাৰ টকাৰ বাবে বীমাৰ কভাৰ
দুৰ্ঘটনাত আংশিক স্থায়ীভাবে অক্ষম হলে (টা চকু,এখন হাত দূৰ্ঘটনাত হেৰাই যায়) ৩৭৫০০/- টকাৰ বাবে বীমাৰ কভাৰ পাব
দূৰ্ঘটনাত স্থায়ীভাবে অক্ষম হলে(যদিহে দুটা চকু বা দুখন হাত অকামিলা হলে ) ৭৫০০০/- হেজাৰ টকাৰ বাবে বীমাৰ কভাৰ
বৃত্তি নৱমৰ পৰা দ্বাদশ শ্ৰেণীত পঢ়ি থকা দানগ্ৰাহীৰ অতি বেছি ২ টা ল’ৰা বা ছোৱালীৰ বাবে মাহে ১০০ টকা হিচাপত বছৰত দুবাৰ- এটা ১জুলাই তাৰিখত আৰু আনটো ১ জানুৱাৰী তাৰিখত প্ৰতি বছৰে মুক্তদান হিচাবে আগবঢ়োৱা হব।
দাবীৰ পদ্ধতি:

এই আচনীৰ অধীনত মৃত্যু অথবা অক্ষমতাৰ দাবী জীৱন বীমাৰ নিগমৰ পেঞ্চন আৰু গ্ৰুপ আঁচনি গোটে মীমাংসা কৰিব। NEFT জৰিয়তে হিতাধীকাৰীক পোন পটীয়াকৈ আদায় দিব। য’ত NEFT ৰ সুবিধা নাই তেনে ক্ষেত্ৰত হিতাধীকাৰীৰ বেংকৰ একাউন্টলৈ পোনপটীয়াভাৱে হস্তান্তৰকৰণ কৰা হব। ইয়াৰ বাবে উপযুক্ত কৰ্তৃপক্ষৰ পৰা আগতীয়া অনুমোদনৰ প্ৰয়োজন হ'ব, এ/চি পৰিশোধকাৰী চেক বা দাবী এল আই চি-ৰ সিদ্ধান্ত অনুসৰি আন যিকোনো মোডৰ দ্বাৰা পৰিশোধ কৰিব পাৰি।

১. মৃত্যুৰ দাবী প্ৰক্ৰিয়া
  1. কোনো সদস্যৰ যদি বীমাৰ চলি থকা সময়ৰ মাজত মৃত্যু হয় তেন্তে তেওঁৰ মোননীত ব্যক্তিয়ে এখন আবেদন কৰিব লাগিব।
  2. পৰিমান খিনি আদায় দিয়াৰ কাৰণে মৃত্যুৰ প্ৰ্মাণ পত্ৰ লগত দি নোডাল এজেঞ্চীৰ মোননীত বিষয়ালৈ এখন আবেদন কৰিব লাগিব।
  3. তেতিয়া সেই নোডাল এজেঞ্চীৰ মোননীত বিষয়াই তেওঁৰ আবেদন ভালদৰে পৰীক্ষা কৰিব
  4. তাৰ পিছত বিষয়াজনে মৃত্যুৰ প্ৰমাণপত্ৰৰ সৈতে নথিপত্ৰ আৰু আবেদন দাখিল কৰিব যে মৃত সদস্যজন আঁচনিখনৰ অধীনত আচলতে পৰিয়ালৰ মুৰব্বী/একমাত্ৰ উপাৰ্জনকাৰী দৰিদ্ৰ সীমাৰেখাৰ তলৰ অথবা নগন্যভাবে দৰিদ্ৰ সীমাৰেখাৰ ওপৰৰ ব্যক্তি।
    নোডাল এজেঞ্চীয়ে আবেদন খনৰ লগত তলত দিয়া প্ৰয়োজনীয় নথিপত্ৰ গাঠি দিব লাগিব::
    • সম্পূৰ্ণভাৱে পূৰণ কৰা দাবী পত্ৰ
    • মৃত্যুৰ প্ৰকৃত প্ৰমাণ পত্ৰৰ লগত এখন প্ৰ্ত্যায়িত নকল কপি

দুৰ্ঘটনাগ্ৰস্ত মৃত্যুৰ ক্ষেত্ৰত দাবী প্ৰক্ৰিয়া:

দুৰ্ঘটনাগ্ৰ্স্ত মৃত্যুৰ ক্ষেত্ৰত মৃত্যুৰ প্ৰমাণ পত্ৰৰ লগত তলত দিয়া ওপৰঞ্চি নথি সমূহ দাখিল কৰিব লাগিব এিবোৰ হৈছে:

  • এফ আই আৰ-ৰ কপি
  • পোষ্ট মৰ্টেম ৰিপোৰ্ট
  • পুলিচৰ অনুসন্ধান ৰিপোৰ্ট
  • পুলিচৰ মন্তব্যৰ ৰিপোৰ্ট/পুলিচৰ ফাইনেল ৰিপোৰ্ট।

বৃত্তিৰ বাবে দাবীৰ পদ্ধতি:

  1. যিবিলাক সদস্যৰ যোগ্য ল’ৰা ছোৱালী আছে তেঁওলোকে ৬ মাহে প্ৰ-পত্ৰ পূৰণ কৰি নোডাল এজেঞ্চীত জমা দিব লাগিব। নোডাল এজেঞ্চীয়ে ছাত্ৰ-ছাত্ৰীক চিনাক্ত কৰিব।
  2. নোডাল এজেঞ্চীয়ে ইয়াৰ বিপৰীতে হিতধিকাৰী ছাত্ৰ-ছাত্ৰীৰ তালিকা পেঞ্চন আৰু গ্ৰুপ আঁচনি গোটলৈ পোনপটীয়াকৈ আদায় দিয়াৰ বাবে ছাত্ৰ-ছাত্ৰীৰ নাম, স্কুলৰ নাম, শ্ৰেণী আদি উল্লেখ কৰি পঠাই দিব। লগতে সদস্যৰ নাম, মূল পলিচিৰ নম্বৰ, সদস্যভুক্তিৰ নম্বৰ আৰু NEFT সম্পূৰ্ণ বিৱৰণ।
  3. প্ৰতি ছমাহৰ মূৰে মূৰে ১ জুলাই আৰু ১ জানুৱাৰীত জীৱন বীমা নিগমে হিতাধীকাৰী ছাত্ৰ-ছাত্ৰীৰ একাউণ্টত NEFT ৰ দ্বাৰা বৃত্তি জমা কৰে।
যোজনাৰ অধীনত অন্তৰ্ভুক্ত বৃত্তি/ জীৱিকাসমূহ:
ক্ৰ. নং জীৱিকা
বিড়ি শ্ৰমিক
ব্ৰিক শ্ৰমিক
কাঠ মিস্ত্ৰী
মুচি
মাছমৰীয়া
বোজা বঢ়িওৱা শ্ৰমিক
হস্তশিল্প শিল্পী
হস্ততাঁত শিপিনী
হস্ততাঁত আৰু খাদী শিপিনী
১০ মহিলা দৰ্জ্জী
১১ চামৰা প্ৰস্তুত কৰা কাৰাখানা
১২ পাপড় বনোৱা শ্ৰমিক
১৩ শাৰিৰীকভাৱে অক্ষম আত্মনিয়েজিত লোক
১৪ প্ৰাথমিক দুগ্ধ উত্পাদনকাৰী
১৫ ৰিক্সা চালক/ অটো চালক
১৬ চাফাই কৰ্মচাৰী
১৭ নিমখ উৎপাদনকাৰী
১৮ ধপাত সংগ্ৰহকাৰী
১৯ বন কৰ্মী
২০ ৰেচম
২১ তাড়ী উলোৱা ব্যক্তি
২২ যন্ত্ৰচালিত শালৰ শ্ৰমিক
২৩ পাহাৰীয়া তিৰোতা
২৪ খান্দচাৰী/ চেনী উত্পাদনকাৰী
২৫ কাঠৰ আচবাব বনোৱা
২৬ বয়ন শিল্প
২৭ টডী টেপাৰ্ছ
২৮ কাগজৰ সামগ্ৰী প্ৰস্তুতকৰ্তা
২৯ চামৰাৰ সামগ্ৰী প্ৰস্তুতকৰ্তা
৩০ প্ৰিণ্টিং
৩১ ৰাবাৰ আৰু কয়লাৰ সামগ্ৰী
৩২ মমবাতী উত্পাদনকাৰী
৩৩ কমাৰ
৩৪ কৃষিজাত সামগ্ৰী
৩৫ পৰিবহণ চালক সন্থা
৩৬ পৰিবহন কৰ্মচাৰী
৩৭ গাওঁৰ দুখীয়া
৩৮ নিৰ্মাণ কৰ্মী
৩৯ আতচবাজী কাৰাখানাত নিয়োজিত শ্ৰমিক
৪০ নাৰিকলৰ কৰ্মচাৰী
৪১ অংগনবাদী শিক্ষক
৪২ কতোৱাল
৪৩ বৃক্ষৰোপণ কৰ্মী
৪৪ মহিলা আত্মসহায়ক গোট
৪৫ মহিলা আত্মসহায়ক গোট
৪৬ বিদেশত কৰ্মৰত ভাৰতীয় নাগৰিক
৪৭ ভূমিহীন গ্ৰাম্য নাগৰিক
৪৮ আৰ এছ বি ৱাই-ৰ অধীনত সামৰি লোৱা অসংগঠিত শ্ৰমিক

 

ৰাজ্য অনুসৰি কভাৰেজ:
ৰাজ্যসমূহ ৩১.০৩.২০১৫ লৈকে আম আদমী বীমা যোজনা কভাৰেজ ২০১৪-১৫(হিতাধীকাৰীৰ সংখ্যা) ৩০.০৬.২০১৫ লৈকে আম আদমী বীমা যোজনা কভাৰেজ ২০১৫-১৬(হিতাধীকাৰীৰ সংখ্যা)
অন্ধ্ৰপ্ৰদেশ ৭৭০৪৮৭৮ ৮২৯৭৮৩৪
অৰুণাচল প্ৰদেশ ২৭৬৯৫ ২৭৬৯৫
অসম ৪২৭৫৯৫ ৪৪০৯০২
বিহাৰ ৫২০৯২৬ ৫৫৯৭৯০
চণ্ডীগড় ৫১১৮ ৫৪২৫
ছত্তিশগড় ১৭২১৫১৬ ১৮০৫৬৩১
দিল্লী ৪৭৭৪৬ ৪৯২০৭
গোৱা ৫০২২১ ৫০২২১
গুজৰাট ৮৯৭৮৯৪ ৯৪৩৬১৭
হাৰিয়ানা ১০৯৩৭৯ ১০৯৫১৪
হিমাচল প্ৰদেশ ৭৫৭৭২ ৭৭৮০৩
জম্মু আৰু কাশ্মীৰ ১০৪৮১৪ ১২২৬৩২
ঝাৰখণ্ড ৩৪১৮২৯ ৩৬৫৬৮৭
কৰ্ণাটক ৩১১৭০৯৩ ৩৪১৮৬১৯
কেৰেলা ১৩৪১০০৬ ১৫৮৭৫৪৭
মধ্য প্ৰদেশ ৭১৪৫৭৬০১ ৭১৪৬১১৮
মহাৰাষ্ট্ৰ ৮০৯৮৬৫৮ ৮১০৯৩০২
মণিপুৰ ২৯৯৬২ ৩১১৯৮
মেঘালয় ২৫৭২৭ ২৫৭২৭
মিজুৰাম ৪৫৮৮ ৪৭৫৮
নাগালেণ্ড ৭৬১৭ ১০৪০৮
উৰিষ্যা ২১২৩৮০১ ২৫১১৮৭১
পণ্ডুচেৰী ৯৬৬৩৬ ১০২৬৩২
পাঞ্জাৱ ১২৫৯৯১১ ১২৬০৩৮৬
ৰাজস্থান ২০২৪৪৩৪ ২০৫৮৮৩১
চিক্কিম ২৫৬৬ ২৬২৩
তামিলনাডু ১২৭৭০৮৪ ১৪০৫৫২১
তেলেঙ্গানা ২০৭৬৮৮৬ ২০৯১২৯৪
ত্ৰিপুৰা ৪০৮০৪ ৪০৯৭০
উত্তৰ প্ৰদেশ ১৩১২৫৯৭ ১৩১৫৬১১
উত্তৰাঞ্চল ৭৪৮১৭০ ৭৫০৮৫৯
পশ্চিমবঙ্গ ৪৩৭২৬৩ ৪৭২০১৬
আন্দামান আৰু নিকোবৰ ১৩৯৯ ১৩৯৯
লক্ষ্যদ্বীপ ২০৩ ২০৩
দমন আৰু দিউ ২০২ ২০২
দাদৰা আৰু নগৰ হাভেলী ৪৮২ ৪৮২
মুঠ ৪৩২০৮১৫২ ৪৫২০৪৫৩৫
Universal Accessibility Menu