অটল পেঞ্চন যোজনা

  • শেহতীয়া উন্নীতকৰণ: August 07, 2024
  • মুকলিৰ তাৰিখ : অনুপলব্ধ

অটল পেঞ্চন যোজনা হৈছে অসংগঠিত খণ্ডৰ শ্ৰমিক কৰ্মীসকলৰ ওপৰত গুৰুত্ব আৰুপ কৰি প্ৰস্তুত কৰা ভাৰতীয় নাগৰিকৰ বাবে এখন পেঞ্চন আঁচনি। ভাৰত চৰকাৰে ২০১৫ চনৰ ভিতৰত আৰম্ভ কৰা উচ্চ প্ৰশংসিত সামাজিক সুৰক্ষা আঁচনিসমূহৰ ভিতৰত ই অন্যতম। ইয়াক ৰাষ্ট্ৰীয় পেঞ্চন আঁচনিৰ (এনপিএছ) জৰিয়তে পেঞ্চন পুঁজি নিয়ামক আৰু উন্নয়ন প্ৰাধিকৰণে (পিএফআৰডিএ) পৰিচালনা কৰে। এই যোজনাৰ অধীনত, গ্ৰহকে অটল পেঞ্চন যোজনাত যোগদান কৰা বয়সৰ ভিত্তিত ৬০ বছৰ বয়সত, তেওঁলোকৰ অৰিহণাৰ ওপৰত নিৰ্ভৰ কৰি, প্ৰতি মাহে ১০০০ টকা, ২০০০ টকা, ৩০০০ টকা, ৪০০০ টকা বা ৫০০০ টকাৰ নিৰ্দিষ্ট নূন্যতম পেঞ্চন লাভ কৰিব।

আঁচনিখনৰ সবিশেষ:

অটল পেঞ্চন যোজনাৰ কাৰণে যোগ্যতাৰ মাপকাঠি
  • আবেদনকাৰী অসংগঠিত খণ্ডৰ ভাৰতীয় নাগৰিক হব লাগিব।
  • আবেদনকাৰীৰ বয়স ১৮ বছৰৰ পৰা ৪০ বছৰৰ ভিতৰত হব লাগিব।
  • আবেদনকাৰীৰ সঞ্চয় বেংক একাউণ্ট/ ডাকঘৰ সঞ্চয় বেংক একাউণ্ট থাকিব লাগিব।
  • অটল পেঞ্চন যোজনাৰ একাউণ্ট খোলাৰ সময়ত আবেদনকাৰীৰ আধাৰ নম্বৰক প্ৰাধান্য দিয়া হয়। অৱশ্যে অন্তৰ্ভূক্তিৰ কাৰণে এইটো বাধ্যতামূলক নহয় আৰু ইয়াৰ সবিশেষ পিছতো প্ৰদান কৰিব পৰা যায়।
  • আবেদনকাৰীয়ে বেঙ্ক/ডাকঘৰক এক বৈধ মোবাইল নম্বৰ প্ৰদান কৰিব লাগে যিটো বাধ্যতামূলক।

 

প্ৰয়োজনীয় নথিসমূহ:
  • কে ৱাই চি হিচাপে আধাৰ কাৰ্ড।
  • বেংক একাউণ্ট নম্বৰ/ ডাকঘৰ সঞ্চয় বেংক একাউণ্ট নম্বৰ।
  • বৈধ্য মোবাইল নম্বৰ।

 

অটল পেঞ্চন যোজনাৰ বৰঙণি তালিকা (বয়স অনুসৰি)
যোগদানৰ বয়স বিনিয়োগৰ বয়স ১০০০/- টকাৰ পেঞ্চনৰ
বাবে মাহিলী বৰঙণি
২০০০/- টকাৰ পেঞ্চনৰ
বাবে মাহিলী বৰঙণি
৩০০০/- টকাৰ পেঞ্চনৰ
বাবে মাহিলী বৰঙণি
৪০০০/- টকাৰ পেঞ্চনৰ
বাবে মাহিলী বৰঙণি
৫০০০/- টকাৰ পেঞ্চনৰ
বাবে মাহিলী বৰঙণি
১৮ ৪২ ৪২/- টকা ৮৪/- টকা ১২৬/- টকা ১৬৮/- টকা ২১০/- টকা
১৯ ৪১ ৪৬/- টকা ৯২/- টকা ১৩৮/- টকা ১৮৩/- টকা ২২৮/- টকা
২০ ৪০ ৫০/- টকা ১০০/- টকা ১৫০/- টকা ১৯৮/- টকা ২৪৮/- টকা
২১ ৩৯ ৫৪/- টকা ১০৮/- টকা ১৬২/- টকা ২১৫/- টকা ২৬৯/- টকা
২২ ৩৮ ৫৯/- টকা ১১৭/- টকা ১৭৭/- টকা ২৩৪/- টকা ২৯২/- টকা
২৩ ৩৭ ৬৪/- টকা ১২৭/- টকা ১৯২/- টকা ২৫৪/- টকা ৩১৮/- টকা
২৪ ৩৬ ৭০/- টকা ১৩৯/- টকা ২০৮/- টকা ২৭৭/- টকা ৩৪৬/- টকা
২৫ ৩৫ ৭৬/- টকা ১৫১/- টকা ২২৬/- টকা ৩০১/- টকা ৩৭৬/- টকা
২৬ ৩৪ ৮২/- টকা ১৬৪/- টকা ২৪৬/- টকা ৩২৭/- টকা ৪০৯/- টকা
২৭ ৩৩ ৯০/- টকা ১৭৮/- টকা ২৬৮/- টকা ৩৫৬/- টকা ৪৪৬/- টকা
২৮ ৩২ ৯৭/- টকা ১৯৪/- টকা ২৯২/- টকা ৩৮৮/- টকা ৪৮৫/- টকা
২৯ ৩১ ১০৬/- টকা ২১২/- টকা ৩১৮/- টকা ৪২৩/- টকা ৫২৯/- টকা
৩০ ৩০ ১১৬/- টকা ২৩১/- টকা ৩৪৭/- টকা ৪৬২/- টকা ৫৭৭/- টকা
৩১ ২৯ ১২৬/- টকা ২৫২/- টকা ৩৭৯/- টকা ৫০৪/- টকা ৬৩০/- টকা
৩২ ২৮ ১৩৮/- টকা ২৭৬/- টকা ৪১৪/- টকা ৫৫১/- টকা ৬৮৯/- টকা
৩৩ ২৭ ১৫১/- টকা ৩০২/- টকা ৪৫৩/- টকা ৬০২/- টকা ৭৫২/- টকা
৩৪ ২৬ ১৬৫/- টকা ৩৩০/- টকা ৪৯৫/- টকা ৬৫৯/- টকা ৮২৪/- টকা
৩৫ ২৫ ১৮১/- টকা ৩৬২/- টকা ৫৪৩/- টকা ৭২২/- টকা ৯০২/- টকা
৩৬ ২৪ ১৯৮/- টকা ৩৯৬/- টকা ৫৯৪/- টকা ৭৯২/- টকা ৯৯০/- টকা
৩৭ ২৩ ২১৮/- টকা- ৪৩৬/- টকা ৬৫৪/- টকা ৮৭০/- টকা ১০৮৭/- টকা
৩৯ ২২ ২৪০/- টকা ৪৮০/- টকা ৭২০/- টকা ৯৫৭/- টকা ১১৯৬/- টকা
২১ ২১ ২৫৪/- টকা ৫২৮/- টকা ৭৯২/- টকা ১০৫৪/- টকা ১৩১৮/- টকা
৪০ ২০ ২৯১/- টকা ৫৮২/- টকা ৮৭৩/- টকা ১১৬৪/- টকা  
Universal Accessibility Menu