শ্ৰম আদালত

শেহতীয়া উন্নীতকৰণ: March 19, 2024

শ্ৰম আৰু কল্যাণ বিভাগে ঔদ্যোগিক শ্ৰমিকসকলৰ প্ৰকৃত বিবাদবোৰ নিৰ্ণয়ৰ বাবে শ্ৰমিক আদালত তথা ঔদ্যোগিক ন্যায়াধিকৰণ লৈ প্ৰেৰণ কৰে যিবোৰ ৰাজ্যৰ সামাধান তন্ত্ৰৰ প্ৰচেষ্টা স্বত্বেও অমীমাংসিত হৈ আছে। এনে ধৰণৰ গোচৰৰ দ্ৰুত নিষ্পত্তিৰ বাবে, ৰাজ্য চৰকাৰে ক্ৰমে গুৱাহাটী আৰু ডিব্ৰুগড়ত দুখন শ্ৰমিক আদালত স্থাপন কৰিছে। এই পদক্ষেপৰ উদ্দেশ্য হৈছে শ্ৰমিক আৰু ব্যৱস্থাপকক ন্যায় প্ৰদান কৰা যাৰ দ্বাৰা শ্ৰমিকসকলৰ মাজত আত্মবিশ্বাস আৰু সন্তুষ্টিৰ অনুভূতি জাগ্ৰত হয়।

ক্ৰমিক নং শ্ৰম আদালত ঠিকনা আৰু যোগাযোগ নম্বৰ আঞ্চলিক অধিকাৰক্ষেত্ৰ
গুৱাহাটী শ্ৰমিক আদালত, গুৱাহাটী, ডি. চি. কাৰ্যালয় ভৱন, কামৰূপ (এম), ২য় মহলা, কোঠা নং 69, গুৱাহাটী – ৭৮১০০১। টেল নং ০৩৬১-২৭৩৬৯৩৫ আৰু ০৩৬১-২৭৩১৮৩৫, ৭৬৭০০০৭২৩৫। ফেক্স নং ০৩৬১-২৭৩৬৯৩৫। বিশ্বনাথ চাৰিআলি, শোণিতপুৰ, নগাঁও, মাৰিগাঁও, কামৰূপ, নলবাৰী, দৰং, বৰপেটা, গোৱালপাৰা, ধুবুৰী, বঙাইগাঁও, চিৰাং, বাস্কা, কোকৰাঝাৰ, গোৱালপাৰা, কাছাৰ/শিলচৰ, কৰিমগঞ্জ, হাইলাকান্দি ইত্যাদি। আৰু ই. আই. আদালতৰ ক্ষেত্ৰীয় অধিকাৰ ক্ষেত্ৰ হৈছে বিশ্বনাথ চাৰিআলি, শোণিতপুৰ, নগাঁও, মাৰিগাঁও, কামৰূপ, নলবাৰী, দৰং, বৰপেটা, গোৱালপাৰা, ধুবুৰী, বঙাইগাঁও, চিৰাং, বাস্কা, কোকৰাঝাৰ, গোৱালপাৰা, কাছাৰ/শিলচৰ, কৰিমগঞ্জ, হাইলাকান্দি
ডিব্ৰুগড় শ্ৰমিক আদালত, ডিব্ৰুগড়, জীবন ফুকন নগৰ, পি.ও. চি.আৰ. বিল্ডিং ডিব্ৰুগড়, অসম, পিন-৭৮৬০০৩ ডিব্ৰুগড়, গোলাঘাট, লখিমপুৰ, ধেমাজি, যোৰহাট, তিনিচুকীয়া, কাৰ্বি আংলং
Universal Accessibility Menu